Show/Hide Keyboard Layout

মাজুলীৰ এজনী ছোৱালী

- জুবিন গাৰ্গ

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে সিপাৰে

অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনি মেলি

ইফালে-সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায় ।

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে সিপাৰে ...

 

চুই চালে চুই চালে চুই চালে বুজিবা

বুকুৰে ভিতৰত কিহৰে খহনীয়া

এ মন গ’লে মন গ’লে মন গ’লে নোৱাৰা

মচিব জানানে হৃদয়ৰে দোমোজা ।

কঁপি উঠা দুটি ওঁঠৰে

ৰঙা-নীলা কথা মনৰে

কাক ক’ব কোন্বা কাষতে

শুনিবলে সময় হ’বনে

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে সিপাৰে ...

অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনি মেলি

ইফালে-সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায় ।

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে সিপাৰে ...

 

দহ টকা দহ টকা দহ টকা ফেৰীৰে

কমলা কমলা কমলাবাৰীলে’

আবেলি আবেলি আবেলি আহিলে

গধূলি গধূলি গধূলি মাজুলীলে’

দেখিবা তাইৰ চকুযুৰিতে

তেজ ৰঙা নদী দুখনি

দেখিবা তাইৰ শেঁতা হাঁহিতে

খহি যোৱা যৌৱন কিজানি ।

 

মাজুলীৰ এজনী ছোৱালীয়ে গীত জুৰে

কমলা বাৰীত বহি কোনেনো শুনি থাকে ...

অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনি মেলি

ইফালে-সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায় ।

(মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে সিপাৰে ...)

Hits: 1727